নগাঁওঃ শনিবাৰে নিশা স্ফূৰ্তিৰে এসাজ লগে ভাগে খালে অসমবাসীয়ে৷ তাৰ পিছতে দেওবাৰে কাহিলী পুৱাই মেজিৰ উম লৈ অপায়-অমংগল দূৰ হোৱাৰ কামনা কৰি কনিষ্ঠই ললে জ্যেষ্ঠজনৰ সেৱা ৷ ঘৰে ঘৰে গৈ ইজনে-সিজনক যাচিলে ভোগালী বিহুৰ শুভেচ্ছা। ৰাইজে উলাহ-মালহেৰে ওলাই আহি জ্বলালে মেজি৷
সময়ৰ মাপকাঠিৰে অসমীয়া জনজীৱনৰ বহু হেঁপাহৰ উৎসাহ-উদ্দীপনাৰে ভৰপূৰ জাতীয় উৎসৱ ভোগালী বিহু সৰ্বত্ৰে পালন কৰা দেখা গ’ল৷ কৃষিজীৱি প্ৰতিগৰাকী চহা কপালৰ ঘাম-মাটিত পেলাই কৃষি তথা গ্ৰাম্য জীৱন পৰিক্ৰমাৰ সৈতে নিবিড় সম্পৰ্ক জড়িত হৈ থকা লোকসকলে মাদকতা ললে ভৰপূৰ৷ এই উৎসৱে প্ৰতিজন অসমীয়াৰ মন-প্ৰাণ ৰঙীয়াল কৰি তুলিলে৷