ডিজিটেল ডেস্কঃ দুৰ্যোগৰ পৰা পৰিত্ৰাণ বিচাৰি মহা মৃত্যুঞ্জয় যজ্ঞত ঘৃতাহুতি কৰিলে ডাক্তৰ-নাৰ্ছে। হাস্পতালৰ পৰা অপদেৱতা আঁতৰ কৰিবলৈ ভগৱানৰ আশিস বিচাৰি হায়দৰাবাদৰ ডাক্তৰে অনুষ্ঠিত কৰিলে যজ্ঞ।

চহৰখনৰ ১৫০ বছৰ পুৰণি গান্ধী হাস্পতাল আৰু চিকিতসা মহাবিদ্যালয়ত সম্পন্ন হোৱা ধৰ্মীয় অনুষ্ঠানকলৈ আৰম্ভ হৈছে চৰ্চা।

তেলেংগানাৰ এই জনাজাত হাস্পতালখনত বিগত কিছুদিনৰ পৰা সংঘটিত হৈ আছে নানা ধৰণৰ অনাহুত ঘটনা। উন্নত চিকিতসা সত্ত্বেও কিছুদিনৰ ভিতৰতে মৃত্যু ঘটিছে কেহাটিও নৱজাতকৰ। তদুপৰি ভুল চিকিতসাৰ ফলত প্ৰাণ হেৰুৱাইছে কেবাগৰাকীও প্ৰসূতিয়ে।

পিছে বৈজ্ঞানিক উপায়েৰে সমস্যা সমাধান কৰিব পৰা নাই দায়িত্ববাহী ডাক্তৰে। সমস্যা সমাধানৰ বাবে তেওঁলোকে আয়োজন কৰিছে মহা মৃত্যুঞ্জয় যজ্ঞৰ। হাস্পতালখনৰ এই যজ্ঞৰ বাবে সকলো কৰ্মচাৰীৰ পৰা সংগ্ৰহ কৰা হৈছে ধন।