58
অভয়াপুৰীঃ আজি মহাষ্টমী৷ সমগ্র দেশৰ লগতে বঙাইগাঁও জিলাতো উলহ মালহেৰে উদযাপন হৈ আছে আৰাধ্য দেৱী দুৰ্গাৰ আৰাধনা। সাৰ্বজনীন এই দুৰ্গা পূজাৰ ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰে পৰা ধুমধামেৰে আৰম্ভ হৈছে পূজা অৰ্চনা।
শংখ-ঘন্টা, ঢাক-ঢোলৰ ঐক্যতান, আয়তী উৰুলি আৰু দুৰ্গতিনাশিনী মাতৃস্বৰূপিনী, দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হ’ল জিলা খনৰ অভয়াপুৰী গান্ধীময়দানৰ ৬১সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ পূজাস্থলী।