তেজপুৰ টাউনঃ আজি মহাসপ্তমী৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সাংস্কৃতিক নগৰী তেজপু্ৰতো আজি পূৱাৰে পৰা মহাসপ্তমী উপলক্ষে অগণন ভক্তৰ ভীৰ দেখিবলৈ পোৱা গৈছে। ষষ্ঠিৰ দিনা বেলবৰণেৰে দূৰ্গতিনাশিনীক আদৰাৰ পাছত আজি মণ্ডপ সমূহত মহাসপ্তমীৰ পূজা-অৰ্চনা চলি আছে।
আজি দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ আৰু স্থাপন সম্পন্ন কৰা লগতে দেৱীৰ কালৰাত্ৰি ৰূপক পূজা কৰা হয়। দেৱীৰ বন্দনা, ঢাক-ঢোল, শংখ, উৰুলীৰে সমগ্ৰ তেজপুৰতে এক ওখল-মাখল পৰিবেশে বিৰাজ কৰিছে। সকলোৱে মংগল কামনা কৰি দেশলৈ যাতে শান্তি-শৃংখলা ঘূৰি আহে তাকে মাৰ ওচৰত কামনা কৰিছে।