ডিজিটেল ডেস্ক |তেজপুৰঃ আজি অষ্টমী। মহাসপ্তমীত দেৱীৰ কালৰাত্ৰী ৰূপৰ পূজাৰ পিছত আজি শক্তিৰ অধিস্থাত্ৰী দেৱী দূৰ্গাই ধাৰণ কৰি কালীৰ-অষ্ট নায়িকা ৰূপ। আজি বধ কৰিব চণ্ড-মুণ্ড ৰক্তবীজক অাৰু আজিৰে পৰাই আৰম্ভ হ’ব বিভিন্ন থান-দেৱালয় সমূহত বলীবিধান লগতে যিকোনো মণ্ডপত কুমাৰী পূজাও অনুস্থিত কৰা হ’ব।
আজিৰ এই দিনটোতে বধ কৰিছিল দেৱীয়ে মহিষাসুৰক। সেয়েহে অসূয়া-অশান্তি দূৰ হোৱাৰ বাবে প্ৰাৰ্থনা জনাবলৈ পূৱাৰে পৰা তেজপুৰৰ বিভিন্ন মণ্ডপ সমূহত অগণন ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে।