বটদ্ৰৱাঃ বৌদ্ধ পূৰ্ণিমাৰ পৱিত্ৰ তিথিত পৰম্পৰা অনুসৰি আজি বটদ্ৰৱা থানত অনুষ্ঠিত হয় মহাপালনাম উৎসৱ৷ পুৱাৰে পৰা অগণন তীৰ্থযাত্ৰীয়ে বৰদোৱা থানলৈ আহি গুৰুজনাৰ স্মৃতি বিজড়িত বিভিন্ন পূণ্যস্থানসমূহ দৰ্শন কৰি শৰাই বন্তি আগবঢ়াই সেৱা জনায়৷
মহাপালনাম উপলক্ষে যোৱা নিশাৰে পৰা সত্ৰীয়া ৰীতি-নীতি অনুসৰি নামডকা পৰম্পৰা পালন কৰি আজি দূপৰীয়া মূল কীৰ্তন অনুষ্ঠান সম্পন্ন হয়৷ কীৰ্তন ঘৰৰ উপৰিও শ্ৰীশ্ৰীদৌল মন্দিৰতো বৌদ্ধ পূৰ্ণিমা উপলক্ষে অনুষ্ঠিত হোৱা বিশেষ নাম-কীৰ্তনত বহু ভক্তপ্ৰাণ যাত্ৰীয়ে অংশ লয়৷