newsnextone.com | ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে কৃষকৰ অৱস্থা উন্নত হোৱা বুলি দাবী কৰি আহিছে যদিও কৃষকে উৎপাদিত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে৷ প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ বৃদ্ধিৰ দাবীত মহাৰাষ্ট্ৰত কৃষকে সোমবাৰৰ পৰা অব্যাহত ৰাখিছে আন্দোলন৷ 

মঙলবাৰে দ্বিতীয় দিনটোত পুনৰ ৰাজপথলৈ ওলাই আহে কৃষক৷ মহাৰাষ্ট্ৰত বিভিন্ন প্ৰান্তত গাখীৰৰ যোগান বন্ধ ৰখা হয়৷ ইয়াৰ লগে লগে ৰাজ্য খনৰ চৌলাপুৰত এগৰাকী কৃষকে মঙলবাৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷ কৃষকজনে ঘৰৰ পৰা গাখীৰ আনি ৰাজপথত গাখীৰেৰে গা ধোৱে৷ 

মাগলবেধা জিলাৰ চঞ্চল গাঁৱৰ কৃষকজনে ৩৫ লিটাৰ গাখীৰেৰে গাধুই প্ৰতিবাদ জনায় আৰু এই গাখীৰ নিজ ঘৰৰ বুলি দাবী কৰে৷ তেওঁলোকৰ দাবী পূৰণ কৰাৰ দাবীত এনে কৰা বুলি কয়৷ আনহাতে স্বাভিমানী সৎকাৰী সংগঠনৰ নেতাই বলডানা নামৰ ঠাইত কুকুৰক গাখীৰ খুৱাই প্ৰতিবাদ সাব্যস্ত কৰে৷

সোমবাৰে মাজ নিশাৰ পৰা কৃষকে প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ বৃদ্ধি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ মুম্বাই, পুণে, নাগপুৰকে ধৰি মহাৰাষ্ট্ৰত বিভিন্ন চহৰত গাখীৰৰ যোগান বন্ধ কৰাৰ লগতে এই দাবী স্বাভিমানী সংগঠনৰ নেতা, সাংসদ ৰাজু ছেট্টীয়ে উত্থাপন কৰিবলৈ সাজু হৈছে৷ 

বিভিন্ন ঠাইত গাখীৰ কঢ়িওৱা বাহনত আক্ৰমণ পৰ্যন্ত কৰে সংগঠনটোৱে৷ সোমবাৰে এখন ট্ৰাকত অগ্নি সংযোগ কৰে কৃষকসকলে৷ এই আন্দোলন ৰাজনীতিৰ বাবে নহয় ৰাজ্য আৰু কৃষকৰ বাবে কৰা বুলি কয় কৃষকে৷ কৃষকে ফাৰ্মসমূহক ১৭ টকাত মূল্যত গাখীৰ বিক্ৰী কৰে যদিও ফাৰ্মে ৪২ টকা লিটাৰ বিক্ৰী কৰাত কৃষকৰ লাভ নহয় বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ চৰকাৰে আন্দোলন বন্ধ কৰি আলোচনাত বহিবলৈ আহ্বান জনাই আহিছে যদিও কৃষক সংগঠনে এতিয়ালৈ আলোচনাত বহা নাই৷