গোৰেশ্বৰঃ শিশু খাদ্যৰ বস্তাত আজি বাগসা জিলাৰ মহৰিপাৰাত পচা খাদ্য উদ্ধাৰ হোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিশুৰ বাবে অহা আহাৰত অংগনাবাড়ী কেন্দ্ৰত চাউল আৰু আৰু দাইল বিলাবলৈ গৈ অংগনাবাড়ী সহায়িকাই পালে দুৰ্গন্ধযুক্ত দাইল।
বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মহৰিপাৰাৰ বোৱা-কটা মহিলা সমবায় সমিতি নামৰ টেঙাঝাৰ অংগনাবাডী কেন্দ্ৰটোত আজি পুৱা অংগনাবাড়ী সহায়িকাই কেন্দ্রটোৰ কণ কণ শিশুক দাইল বিলাবলৈ যোৱাৰ পিছত পচা দাইল উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।