মিছামাৰীঃ শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ বেঙেনাজুলী মণ্ডলীৰ খজ ৰখীয়া গীৰ্জা প্ৰাংগনত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত মধ্য অসম ডিনেৰী মহিলা-যুৱ সমাৰোহৰ আজি সামৰণি পৰে। শোণিতপুৰৰ উপৰি বিশ্বনাথ চাৰিআলি, নগাঁও আৰু লখিমপুৰ জিলাৰ প্ৰায় দুহেজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সমাৰোহখন ২০ অক্টোবৰৰ পৰা আৰম্ভ হৈ আজি পুৱাৰ ভাগত অন্ত পৰে।
প্ৰথম দিনা আবেলি ২ বজাত স্থানীয় পাষ্টৰেট ৰেভা পি এলে সভাস্থলীৰ উদ্বোধন আৰু বন্তি প্ৰজ্বলন কৰাৰ পাছতে কাৰ্যসূচী সমুহ আৰম্ভ হয়। মধ্য অসম ডিনেৰী যুৱ সমিতিৰ সভাপতি বিলচন কনগাড়ীৰ উদ্বোধনী ভাষণৰ পাছতে স্তুতি, প্ৰশংসা আৰু উপাসনাৰে প্ৰথম দিনৰ কাৰ্যসূচী শেষ হয়।