newsnextoneওদালগুৰি, ৮ অক্টোবৰ: এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে আজি বিয়লি গ্ৰেণেডসহ তিনিগৰাকী এনডিএফবি(ছ) লিংকমেন আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ শীৰ্ষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি আজি বিয়লি প্ৰায় ৫:১৫ বজাত মাজবাট আৰক্ষী-সেনাৰ এটা দলে মাজবাটৰ ২ নং মেৰাবিলৰ গেৰেমচা বসুমতাৰী নামৰ এজন লোকৰ ঘৰত এক অভিযান চলায়। উক্ত অভিযানৰ সময়ত লোকজনৰ বাসগৃহৰ পিচফালৰ পৰা অভিযানকাৰী দলটোৱে দুটা গ্ৰেণেড উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উক্ত উদ্ধাৰ হোৱা গ্ৰেণেড দুটাৰ এটা ভাৰতত নিৰ্মিত আৰু আনটো চীনত নিৰ্মিত বুলি আৰক্ষীয়ে জানিবললৈ দিছে। লোকজনক কৰা জেৰাৰ ভিত্তিত অভিযানকাৰী দলটোৱে মাজবাট ৰেল ষ্টেচনত আন এক অভিযান চলাই হুগ্ৰাজুলিৰ পৰা মাজবাট অভিমুখে আহি থকা আন দুজন লোকক আটক কৰে। আৰক্ষী সূত্ৰে জানিবলৈ দিয়া অনুসৰি লোক দুজনে ধনদাবীৰ ঘটনাৰ সৈতে জৰিত আছিল।