গুৱাহাটীঃ মজিদ কা আৰু নাই৷ মজিদ কা আমাৰ মাজত নাই বুলি কোৱা কথাষাৰ বিশ্বাস কৰিবলৈ টান লাগিলেও ক’বলগীয়া বহু কথাই নোকোৱাকৈ দেওবাৰে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি যায় তেওঁ৷ এতিয়া অচিন দেশৰ পৰা আমালৈ চাই থাকিব মজিদ কাই৷
মজিদ কা গুচি গলেও অলেখ স্মৃতিয়ে অহৰহ প্ৰতিজন অসমীয়াৰ মাজত জীয়াই ৰাখিব তেওঁক। মজিদ কাৰ বিদায়ে অপূৰণীয় ক্ষতি কৰিলে অসমীয়া অভিনয় জগতখনক৷ ৰসিক, অল্পভাষী মজিদ কাই জীয়াই থকা কালত অসমীয়া চলচিত্ৰ জগতৰ বাবে আশীৰ্বাদ হৈ আছিল৷ মৃত্যুৰ পিছতো তেওঁৰ কৰ্মৰাজিয়ে চিৰদিন আশীৰ্বাদ হৈয়ে থকাতো নিশ্চিত৷