মাজুলীঃ সত্ৰনগৰী মাজুলীত শনিবাৰৰ পুৱাৰে পৰা সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰে বিৰুদ্ধে অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব বিচৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কেইবাশতাধিক আছুৰ নেতা-কৰ্মীয়ে মুখত কলা কাপোৰ বান্ধি মাজুলীৰ সদৰ গড়মূৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত ছাত্ৰ সন্থাই শীঘ্ৰে মহিলা বিশ্ববিদ্যালয়ত স্থায়ী উপাচার্য নিযুক্তি দি পূৰ্ণংগ ৰূপ দিয়াৰ দাবী জনাই চৰকাৰক৷ ইমানে নহয় অৱস্থান ধৰ্মঘটথলীৰ পৰাই আছুৱে চৰকাৰক সকীয়াই দি বিশ্ববিদ্যালয় খন বন্ধ কৰাৰ কথা পহৰি যাওক বুলি সকীয়াই দিয়ে৷