Home ৰাজ্যনাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মাজুলী উত্তাল

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মাজুলী উত্তাল

by News Desk
60 views
A+A-
Reset

মাজুলীঃ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিলচৰৰ এখন জনসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰিব বুলি ঘোষণা কৰাৰ লগে লগে ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত থকা সমান্তৰালকৈ মুখ্যমন্ত্ৰী সমষ্টি নদীদ্বীপ মাজুলীত শনিবাৰে দিনৰ ১ বজাত কমলাবাৰীত যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ উদ্যোগত যোৱা তিনি জানুৱাৰীৰপৰা কাৰ্যালয় সন্মুখত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাযসূচীৰ আজিৰ তৃতীয় দিনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজুলীৰ জিলা সমিতিৰ উপ-সভাপতি ললিত দত্ত, অসম সাহিত্য সভা মাজুলী সমিতিৰ সম্পাদক ৰমেশ শইকীয়া, মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি অৰুণ বৰা, মাজুলী জিলা সমিতিৰ অ গ প উপদেষ্টা বলো কলিতা, কমিউনিষ্ট পাৰ্টী মাজুলী সমিতিৰ কিশোৰ মোহন পাল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী সমিতিৰ সভাপতি জগত হাজৰিকা, সম্পাদক অলিন হাজৰিকা আদিয়ে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এনে জাতিদ্ৰোহী সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকিবলৈ সকীয়াই দিয়াৰ লগতে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ জনসাধাৰণৰ লগত থাকি অসমৰ কথা চিন্তা কৰিবলৈ সকীয়াই দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0