মাজুলীঃ মাজুলীৰ লাহলিয়াল গাঁৱৰ লগত গড়কাপ্টানী পথ সংযোগী কালভাৰ্ট নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে।
প্ৰায় সাত লাখ টকাৰে কমলাবাৰীৰপৰা আউনীআটীলৈ গড়কাপ্টানী পথৰ লগত লাহলিয়াল গাঁৱক পশ্চিম দিশেৰে সংযোগ কৰা পথটোত নিৰ্মাণ কাৰ্য চলি থকা কালভাৰ্টটো কাষৰ বেৰ নিৰ্মাণত কোনো ৰড ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাত শনিবাৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদ মাজুলীৰ জিলা সমিতিৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ নিম্ন মানৰ কাম কৰা আৰু প্ৰাক্ কলনৰ মতে কাম নকৰা পত্যক্ষ কৰি নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ দাবী জনায়।