মাজুলীঃ মাজুলীৰ বিভিন্ন দল-সংগঠন অনুষ্ঠান-প্ৰতিস্থানৰ সহযোগত মাজুলীৰ পথ পৰিবহণ আৰু যাতায়াত যোগাযোগৰ লগতে মাজুলী অর্থ-সামাজিক উন্নয়নৰ দিশত কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ শনিবাৰে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়।
অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ মাজুলী জিলা সমিতিৰ আহ্বানত সংগঠনতোৰ মুখ্য কাৰ্যালয় কমলাবাৰীত বিয়লি দুই বজাৰৰপৰা সভাখন অনুষ্ঠিত হয়। সংগঠনটোৰ মাজুলীৰ জিলা সমিতিৰ সভাপতি জগত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্যে বাখ্যা কৰে সংগঠনটোৰ মাজুলী জিলা সমিতিৰ উপদেষ্টা ভবেন কাকতিয়ে।