মাজুলীঃ মাজুলী জিলা প্ৰশাসনৰ পোনপটীয়া তত্বৱধানত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰদ্বাৰা পৰিচালিত কমলাবাৰী-নিমাতী পাৰঘাটৰ মাজত নীতি বহিৰ্ভূতভাৱে চলাচল কৰোৱা এখন ব্যক্তিগত মালিকানাধীন ফেৰীৰ সেৱা তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই।
প্ৰয়োজনীয় অনুমোদন অবিহনে আৰু উপায়ুক্তৰ অজ্ঞাতে এই পাৰঘাটৰ জলপথত শেহতীয়াকৈ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অধীনত নীতি বহিৰ্ভূতভাৱে “এছ বি ঘনশ্যাম” (ইঞ্জিন নম্বৰ চি ভি এইচ ২৩৩০৭৭ ডব্লিউ এফ) নামৰ এখন ব্যক্তিগত মালিকানাধীন ফেৰী চলাচল কৰোৱাৰ বিষয়টো জিলা দৃষ্টিগোচৰ হোৱাৰ পাছতে উপায়ুক্তই শনিবাৰে এই নিৰ্দেশ দিয়ে।