পৰাণ জ্যোতি বৰা,মাজুলীঃ চৰকাৰী চাকৰিলৈ বাট নাচায় মাজুলীৰ ভকত চাপৰি অলিমুৰাৰ শিক্ষাত নিবনুৱা যুৱক বিৰিঞ্চি ৰাজখোৱাই ১০ বিঘা মাটিৰে গঢ়ি তুলিছে কৃষি পাথৰ। নিবনুৱাসকলৰ বাবে আদৰ্শ হৈ পৰিছে মাজুলীৰ বিৰিঞ্চি। মগজুৰ জটিল ৰোগত আক্রান্ত হৈ আজি এক বছৰৰ পূৰ্বে অপাৰেচন কৰা বিৰিঞ্চিক ৰোগেও যেন হাৰ মনাব পৰা নাই।
১৮ বছৰ ধৰি বিভিন্ন প্ৰজাতিৰ কবি, আলু, জিকা, বিলাহী, বেঙেনা, জলকীয়া, দাংবডী, ফেন্সবিন, লাইশাক, লফাশাক, ধনীয়া আদি ভিন্ন কৃষি কৰ্মৰ যোগেদি আত্ম সংস্থাপনৰ পথ বাছি লৈছে বিৰিঞ্চিয়ে।