মাজুলীঃ জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ক্ষেত্ৰলৈ পৰিণত হৈছে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ পালনাম মহোৎসৱ। যোৱা ১২ নৱেম্বৰৰ (২৫কাতি) পৰা অনুষ্ঠিত হৈ থকা এই পালনাম মহোৎসৱ আজি পঞ্চম দিনত ভক্তৰ পাৰ ভঙা উচ্ছাহ পৰিলক্ষিত হয়।
এগছি বন্তি, শৰাই আগবঢ়াই ভক্ত সকলে পালনামত সেৱা জনাই মনোকামনাপুৰণৰ বাবে সেৱা-আশীৰ্বাদ লয়। সত্ৰ খনৰ ৩৬৫ বছৰীয়া পৰম্পৰা অটুট ৰাখি সত্ৰৰ বৈষ্ণৱসকলে পাল অনুসৰি নাম ডাকে এই পালনামেই এতিয়া ভক্তৰ সমাগমেৰে বৈকুণ্ঠ পুৰী সদৃশ পৰিৱেশৰ সুচনা হৈছে। মাজুলীবাসীৰ লগতে ঠাইখনৰ বাহিৰৰ হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা বিলাই কালৈ এই মহোৎসৱ সামৰণি পাৰিব।