www.newsnextone.com| মাজুলীঃ সমগ্র মাজুলীত শোকৰ ছাঁ। মাজুলীৰ নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত কোষকান্ত গোস্বামীৰ মৃত্যু। ৮৯ বছৰ বয়সত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে কোষকান্ত গোস্বামীয়ে। 

 

শাৰীৰিক অসুস্থতাৰ বাবে দুদিন পূৰ্বে গুৱাহাটীৰ জিএনাৰ চি হাস্পতালত চিকিৎসা কৰাই পুনৰ নিজ বাসগৃহলৈ নিয়া হৈছিল সত্ৰাধিকাৰগৰাকীক। গুৰুজনাৰ অমৰ সৃষ্টি মুখাশিল্পক ধৰি ৰখাৰ লগতে গোটেই জীৱন প্ৰচাৰৰ বাবে কোষকান্ত গোস্বামীয়ে নিজৰ জীৱন উছৰ্গা কৰিছিল। 

আনহাতে গুৰুজনা বিভিন্ন সামাজিক কামত জড়িত আছিল৷ উল্লেখযোগ্য যে তেওঁৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল দেৱেও প্ৰকাশ কৰিছে৷