গুৱাহাটীঃ মাজুলিবাসীৰ বাবে এক সুখবৰ। অচিৰেই বিশ্ব বৃহত্তম নদী দ্বীপতো অন্তৰ্ভুক্তি হ’ব ৰে’লৱে মানচিত্ৰত। ইতিমধ্যে ভাৰতীয় ৰে’ল মন্ত্ৰনালয়ে নদী দ্বীপটোক ৰেলেৰে সংলগ্ন কৰাৰ বাবে আৰম্ভ কৰিছে জৰীপ কাম।
ৰে’লৱে বৰ্ডৰ এগৰাকীৰ বিষয়া মুকেশ কুমাৰে জানিবলৈ দিয়া মতে মাজুলীক ৰে’লপথেৰে সংলগ্ন কৰাৰ বাবে প্ৰাথমিক জৰীপত দুটা পথৰ প্ৰস্তাৱ হাতত লোৱা হৈছে। তাৰে এটা পথ হ’ব গোগামুখ-ঢকুৱাখনা-কমলাবাৰী-গড়মূৰ হৈ যোৰহাটলৈ আৰু আনটো হৈছে হাৰমতীৰপৰা বিহপুৰীয়া হৈ মাজুলীলৈ গোগামুখ-কমলাবাৰী-যোৰহাটলৈ নিৰ্মান হ’ব লগা ৰে’ল পথটো ১০০ কিঃমিঃ।