গুৱাহাটীঃ মাজুলিবাসীৰ বাবে এক সুখবৰ। অচিৰেই বিশ্ব বৃহত্তম নদী দ্বীপতো অন্তৰ্ভুক্তি হ'ব ৰে’লৱে মানচিত্ৰত। ইতিমধ্যে ভাৰতীয় ৰে’ল মন্ত্ৰনালয়ে নদী দ্বীপটোক ৰেলেৰে সংলগ্ন কৰাৰ বাবে আৰম্ভ কৰিছে জৰীপ কাম। 

ৰে’লৱে বৰ্ডৰ এগৰাকীৰ বিষয়া মুকেশ কুমাৰে জানিবলৈ দিয়া মতে মাজুলীক ৰে’লপথেৰে সংলগ্ন কৰাৰ বাবে প্ৰাথমিক জৰীপত দুটা পথৰ প্ৰস্তাৱ হাতত লোৱা হৈছে। তাৰে এটা পথ হ'ব গোগামুখ-ঢকুৱাখনা-কমলাবাৰী-গড়মূৰ হৈ যোৰহাটলৈ আৰু আনটো হৈছে হাৰমতীৰপৰা বিহপুৰীয়া হৈ মাজুলীলৈ গোগামুখ-কমলাবাৰী-যোৰহাটলৈ নিৰ্মান হ’ব লগা ৰে’ল পথটো ১০০ কিঃমিঃ। 

উক্ত পথছোৱা জৰীপ কৰাৰ বাবে ২০১৭-১৮ বর্ষতে বাজেটত ধন অনুমোদন কৰা হৈছিল। একেদৰে হাৰমতী-বিহপুৰীয়াহৈ মাজুলিলৈ সংযোগ কৰাৰ পথটো দৈঘ্য ৩৮ কিঃমিঃ। এই পথছোৱা জৰীপৰ বাবে ২০১৭ চনৰ ২১ ফেব্ৰুৱাৰীত ধন অনুমোদন জনোৱা হৈছিল।

ইতিমধ্যে জৰীপৰ কাম সমাপ্ত হৈছে। তাৰ দ্বিতীয়টো পথৰ প্ৰতিবেদন ৰে’লৱে বৰ্ডেই লাভ কৰিছে। আনহাতে, গোগামুখ-কমলাবাৰী হৈ যোৰহাটলৈ নিৰ্মান কৰিব লগা পথটো জৰীপৰ প্ৰতিবেদন ৰে’লৱে বর্ডে চলিত বর্ষৰ ছেপ্টেম্বৰ মাহত লাভ কৰিব বুলি জানিবলৈ দিছে। গুৰুত্বপূৰ্ণ কথা এই যে দুয়োটা পথৰ প্ৰতিবেদন সম্পূৰ্ন পৰীক্ষণ কৰি পথ দুটা নিৰ্মাণ কৰা হ’ব।