আমগুৰি/দিখৌমুখঃ এবিধ ক’লা আৰু মুগা বৰণৰ মাখিৰ সন্ত্ৰাসত আতংকিত হৈ পৰিছে শিৱসাগৰ জিলাৰ বাসিন্দা৷ শিৱসাগৰৰ একাংশ লোকে মাখিবিধক কলা মিলিটাৰী আখ্যা দি মাখিৰ সন্ত্ৰাসৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ দাবী জনাইছে৷ অচিনাক্ত প্ৰজাতিৰ মাখিৰ উপদ্ৰৱত জিলাখনৰ আমগুৰিৰ দিখৌমুখ অঞ্চলৰ বাসিন্দাই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে। আক্ৰমণাত্মক মাখিৰ দ্বাৰা এই পৰ্যন্ত চাৰি শতাধিক লোক আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। অচিনাক্ত মাখিৰ সন্দৰ্ভত গৱেষণাৰ বাবে দিখৌমুখত উপস্থিত আই চি এম আৰৰ দলো।
হয়, এক বিশেষ প্ৰজাতিৰ মাখিৰ সন্ত্ৰাসত আতংকিত হৈ পৰিছে এতিয়া শিৱসাগৰৰ দিখৌমুখৰ ৰাইজ। এই পৰ্যন্ত চিনাক্ত নোহোৱা অচিন প্ৰজাতিৰ মাখিবিধে ত্ৰাসৰ সৃষ্টি কৰিছে দিখৌমুখৰ বহুকেইটা অঞ্চলত। জাকে জাকে উৰি ফুৰা মাখিবিধে ইজনৰ পাছত সিজন লোক আক্ৰান্ত হৈছে মাখিৰ কামোৰত। জাকে জাকে মাখিৰ আগমনে ত্ৰাসিত কৰি তুলিছে অঞ্চলবাসীক।