newsnextone.com | ওদালগুৰিঃ এগৰাকী শিক্ষাবিদৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে ওদালগুৰিত৷ ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মলয় কুমাৰ দত্তই দেওবাৰে মৃত্যুক আকোৱালি লয়৷ দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন গ্ৰহণ কৰি থকা অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে ৬৩ বছৰ বয়সত নিয়তিৰ ওচৰত হাৰ মানে৷
১৯৫৫ চনৰ পহিলা জানুৱাৰীত জন্মগ্ৰহণ কৰা দত্তই টংলা হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা আৰু সেই সময়ৰ কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰ পাছত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে। ইয়াৰ পাছত দত্তই আৰ্থিক অনাতনৰ পৰিপ্ৰেক্ষিতত ডাক সেৱাত যোগদান কৰি নিজৰ পৰিয়ালক পোহপাল দিছিল।