উত্তৰ অসম/আজাৰাঃ মামণি ৰয়ছম গোস্বামীৰ বুধবাৰে মৃৃত্যু দিন৷ জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক ইন্দিৰা গোস্বামীক ৰাজ্যজুৰি স্মৰণ কৰে৷ মামণি বাইদেউ হিচাপে অসমীয়াৰ আপোন ।মামণি ৰয়ছম গোস্বামীক ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্রৰ উদ্যোগত মৃত্যু দিৱস পালন কৰে৷ সদ্য প্ৰয়াত অভিনেতা বিজু ফুকন আৰু জ্ঞানপীঠ বটাঁ বিজয়ী সাহিত্যিক মামণি ৰয়চম গোস্বামীক সোঁৱৰী এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় ডিব্রুগড় বিশ্ববিদ্যালয়ত।
সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্রৰ সঞ্চালক প্রফেচাৰ সত্যকাম বৰঠাকুৰ পৌৰহিত্যত অনুষ্ঠিত হয় চিৰ সেউজ অভিনেতা বিজু ফুকন আৰু স্বনামধন্য সাহিত্যিক ড০ মামণি ৰয়চম গোস্বামীৰ ষষ্ঠ বাৰ্ষিক মৃত্যু বাৰ্ষিকী৷ স্মৃতিচাৰণ সভাত ড০ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক ডঃ প্ৰাণজিৎ বড়া আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি মামণি ৰয়চম গোস্বামী সোঁৱৰণী বক্তব্য প্ৰদান কৰে।