ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচন সমাগত৷ নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰাৰ লক্ষ্যৰে চাৰিদিনীয়া দিল্লী ভ্ৰমণৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ এই যাত্ৰাত বেনাৰ্জীয়ে তৃতীয় মৰ্চা গঠনৰ বাবে বিৰোধী দলৰ সৈতে আলোচনাত মিলিত হ’ব৷ জানিব পৰা মতে, টিডিপিৰ অধ্যক্ষ চন্দ্ৰবাবু নাইডু আৰু অৰবিন্দ কেজৰিৱালৰ সৈতেও সাক্ষাৎ কৰিব মমতা বেনাৰ্জীয়ে৷
উল্লেখ্য যে, উত্তৰপ্ৰদেশত সমাজবাদী পাৰ্টি তথা বহুজন সমাজ পাৰ্টিয়ে মিত্ৰশক্তি গঠন কৰি উপ-নিৰ্বাচনত জয়লাভ কৰাৰ পিছৰে পৰা বিজেপিক প্ৰতিৰোধৰ লক্ষ্যৰেই ৰাজনৈতিক দল সমূহে তৃতীয় মৰ্চা গঠনৰ চেষ্টাত নামি পৰা দেখা গৈছে৷ আনহাতে বহুজন সমাজবাদী পাৰ্টিৰ অধ্যক্ষ মায়াৱতীয়েও গেৰুৱা বিজেপিৰ বিৰুদ্ধে ২০১৯ৰ নিৰ্বাচনত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পৰাকৈ সকলো বিৰোধী ৰাজনৈতিক দলক এক হ’বলৈ আহ্বান জনায়৷