ডিজিটেল ডেক্সঃ ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ লোকসভাৰ উপ-নিৰ্বাচনত ধৰাশায়ী হোৱা বিজেপিক ৰুধিবলৈ বিৰোধীয়ে নতুন উদ্যম লাভ কৰা বুলি চৰ্চা আৰম্ভ আৰম্ভ হৈছে। ২০১৯ত গেৰুৱা দলটোক চৰকাৰ গঠনত ব্যৰ্থ কৰাৰ লক্ষ্যৰে ইতিমধ্যে আৰম্ভ হৈছে কুচ-কাৱাজ।
এই উদেশ্যে এনচিপিৰ নেতা শাৰদ পাৱাৰে সোমবাৰে নিশা এক ভোজমেলৰ আযোজন কৰে। ভোজমেলত আন আন সকলৰ লগতে উপস্থিত থাকে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হোৱা মমতাই মঙলবাৰে কংগ্ৰছ নেত্ৰী ছোনিয়া গান্ধীকো সাক্ষাৎ কৰিব।