ডিজিটেল ডেস্কঃ পূৰ্বে বিদেশী শাসকক দেশৰ পৰা খেদিবলৈ ভাৰত ত্যাগ আন্দোলন ঘোষণা কৰিছিল মহাত্মা গান্ধীয়ে। এতিয়া স্বাধীনতাৰ প্ৰায় ৭০ বছৰৰ পিছত আকৌ এবাৰ ভাৰত ত্যাগ আন্দোলন ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দেশৰ শাসনৰ পৰা ব্ৰিটিছৰ দৰে অপসাৰিত কৰিব বিচাৰিছে বিজেপিক। গান্ধীৰ পথ অনুসৰণ কৰি দিদিয়ে ঘোষণা কৰিছে ভাৰত ত্যাগ আন্দোলন।

বিজেপিক ক্ষমতাৰ পৰা উতখাত কৰাৰ সংকল্পৰে শুকুৰবাৰে কলকাতাত তৃণমূল কংগ্ৰেছে আয়োজন কৰে ছহিদ দিৱস। এই অনুষ্ঠানত অংশ লৈ মমতা বেনাৰ্জীয়ে ঘোষণা কৰে ৰাজনৈতিক সংগ্ৰাম।

বিজেপিয়ে কেলেংকাৰিৰ অপবাদ জাপি বিৰোধীৰ নেতাক দমন কৰিব বিচৰা বুলিও অভিযোগ কৰে দিদিয়ে। পিছে বেনাৰ্জীৰ বিদ্ৰোহৰ পৰত বিৰোধীৰ বৰঘৰত সূচনা হৈছে সংকটৰ।

তথ্য অনুসৰি বিদায়ী ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰিব ভোজমেল। বিৰোধীৰ ঐক্য ভাঙি এই অনুষ্ঠানত ভাগ ল'ব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।