কলকাতাঃ বাংলা চেনেল এটাৰ সাক্ষাৎকাৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। মমতাই কয় যে বিজেপি নেতা লালকৃষ্ণ আদৱানি যদি দেশৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হয় তেন্তে তেওঁ সুখী হ'ব।

মমতাই লগতে কয় যে¸ বিদেশ মন্ত্ৰী সুষমা স্বৰাজ তথা লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনকো যদি ৰাষ্ট্ৰপতিৰ বাবে মনোনীত কৰে তেওঁৰ অলপো আপত্তি নাই। উল্লেখ্য যে ৰাষ্ট্ৰপতি হিচাপে প্ৰণৱ মূখাৰ্জীৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ’ব।

শেহতীয়াকৈ মণিপুৰৰ তৃণমূল কংগ্ৰেছৰ এজন বিধায়কে বিজেপিত যোগদান কৰা বিষয়ক লৈ প্ৰশ্নৰ উত্তৰত মমতাই কয় যে আজিকালি টকাইহে সকলো নিৰ্ধাৰণ কৰে।