আগৰতলাঃ কেইদিনমান পুৰ্বেই আৰক্ষীৰ হাতত নিহত হৈছিল ত্ৰিপুৰাৰ সাংবাদিক সুদীপ দত্ত ভৌমিক৷ ভৌমিকৰ মৃত্যুত চিন্তা ব্যক্ত কৰে পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।ভৌমিকৰ পত্নী আৰু সাংবাদিক মাতৃৰ সৈতে মঙলবাৰে বহু সময় ধৰি ফোনত কথা পাতে মুখ্যমন্ত্ৰী মমতাই৷
বিধানগৰৰ মেয়ৰ তথা ত্ৰিপুৰাৰ তৃণমূলৰ পৰ্যবেক্ষক সব্যসাচী দত্তই মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে সুদীপৰ পৰিয়ালক ফোনযোগে সাক্ষাৎ কৰি দিয়ে। সাক্ষাৎকাৰত মমতাৰ হৈ সব্যসাচীয়ে সুদীপৰ ভাতৃক পশ্চিমবঙ্গত চাকৰি দিয়াৰ প্ৰস্তাৱ আগবঢ়ায়।