ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰে বামপন্থী আৰু দক্ষিণপন্থী ৰাজনীতিৰ সৈতে ফেৰ মাৰিবলৈ আগবাঢ়িছে৷ এইবাৰ বেনাৰ্জীৰ চৰকাৰে আৰএছএছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷ শেহতীয়াকৈ মমতাৰ চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্যখনত আৰএছএছৰ সৈতে সম্পৰ্ক থকা সকলো বিদ্যালয়কে বন্ধ কৰি দিয়া হ’ব৷
ইয়াৰোপৰি ৰাজ্যখনৰ কিছু সংখ্যক বিদ্যালয়ত পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰি ধৰ্মীয় পৰিপন্থীমূলক শিক্ষা প্ৰদান কৰি অহা হৈছে বুলি অভিযোগ উত্থাপন কৰে চৰকাৰে৷ এনেদৰে ধৰ্মীয় গণ্ডীৰ ভিতৰত ৰাখি শিক্ষাদান কৰা নীতিক আগবাঢ়ি যাবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰে চৰকাৰে৷ ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে কয় যে, ৰাজ্যখনত আৰএছএছৰ সৈতে সম্পৰ্ক থকা ১২৫খন বিদ্যালয় বন্ধ কৰি দিয়া হৈছে৷