76
ঠাকুৰনগৰ (পশ্চিম বংগ): অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ক লৈ পুনৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অবিবেচক মন্তব্য আগবঢ়াইছে৷ তেওঁ বৃহস্পতিবাৰে কয় যে অসমত এন আৰ চিক লৈ লেতেৰা ৰাজনীতি চলি আছে৷
উত্তৰ ২৪ পৰগনাৰ ঠাকুৰনগৰ ভ্ৰমণকালত তৃৰ্ণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে কয় যে এন আৰ চিৰ তালিকা প্ৰকাশৰ নামত যোগ্য ভোটাৰৰ নাম কৰ্তন কৰা হৈছে৷