ঠাকুৰনগৰ (পশ্চিম বংগ): অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ক লৈ পুনৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অবিবেচক মন্তব্য আগবঢ়াইছে৷ তেওঁ বৃহস্পতিবাৰে কয় যে অসমত এন আৰ চিক লৈ লেতেৰা ৰাজনীতি চলি আছে৷

উত্তৰ ২৪ পৰগনাৰ ঠাকুৰনগৰ ভ্ৰমণকালত তৃৰ্ণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে কয় যে এন আৰ চিৰ তালিকা প্ৰকাশৰ নামত যোগ্য ভোটাৰৰ নাম কৰ্তন কৰা হৈছে৷ 

এন আৰ চি যে উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত যে হৈ আছে আৰু ই অসমৰ খিলঞ্জীয়াক যে সুৰক্ষিত কৰিব, সেই কথা সম্পূৰ্ণৰূপে আওকাণ কৰি এন আৰ চিৰ জৰিয়তে বি জে পিয়ে ‘ডিভাইড এণ্ড ৰুল’ নীত গ্ৰহণ কৰিছে বুলি তেওঁ ৰাজনৈতিক মন্তব্য কৰে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এন আৰ চিৰ আলমত দেশক বিভাজিত কৰিবলৈ চেষ্টা কৰা বুলি প্ৰকাশ কৰি তেওঁ কয় যে দেশৰ একাংশ লোকে নাগৰিকত্ব হেৰুৱালে তেওঁলোক ‘দেশহীন’ হৈ পৰিব আৰু দেশত গৃহযুদ্ধত হৈ ৰক্তাক্ত হৈ পৰিব৷ 

অসমৰ বাঙালীক বি জে পিয়ে অসমৰপৰা খেদিব বিচাৰিছে, কিন্তু অসমৰ বাঙালীৰ কাষত তেওঁৰ দল আছে বুলি আশ্বাস প্ৰদান কৰি নেত্ৰীগৰাকীয়ে অসমৰ বাঙালীৰ ঘৰো বংগ বুলি সোঁৱৰাই দিয়ে৷

তেওঁ অসম চৰকাৰৰ বিৰোধী নহয় বুলি মন্তব্য কৰিলেও এন আৰ চিৰ নামত অসমৰ লাখ লাখ বাঙালীভাষীৰ নাম কৰ্তন কৰা কাৰ্যক ঘোৰ বিৰোধিতা কৰে৷ তেওঁৰ প্ৰশ্ন, বাঙালী ভাষা কোৱা অপৰাধ নেকি?

১৯৭১ চনৰ আগত পূব পাকিস্তানৰপৰা অহা সকলক ভোটাধিকাৰ, ৰেচন কাৰ্ড আদিৰপৰা বঞ্চিত কৰা কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে বুলিও তেওঁ দোহাৰে৷