কলকাতাঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পুলৱামা আক্ৰমণ নিৰ্বাচনৰ পূৰ্বে কিয় সংঘটিত হ’ল আৰু চোৰাংচোৱাই সাৱধান কৰি দিয়াৰ পাছতো কেনেকৈ সংঘটিত হ’বলৈ পালে বুলি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।

সোমবাৰে কলকাতাৰ সচিবালয়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনৰ আগে আগে পাকিস্তানে এনে আক্ৰমণ কৰিবলৈ কেনেকৈ সাহস পালে? সংসদৰ অধিৱেশন অন্ত হোৱাৰ পাছত এনে ঘটনা ঘটিলে ভাৰতৰ নাগৰিক হিচাপে মোৰ মনলৈ এনে সন্দহ আহিবই। আমি পাকিস্তানৰ বিৰুদ্ধে কিয় আগতেই ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলোঁঁ? কিয় নিৰ্বাচনৰ সময়ত? আপুনি উত্তৰ দিয়ক। এনেদৰে তীক্ষ্ণ বাক্যবাণ নিক্ষেপ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মু আৰু কাশ্মীৰৰ পুলৱামাত ৪২ জন চি আৰ পি এফ জোৱান নিহত হোৱা ঘটনা সন্দৰ্ভত বেনাৰ্জীয়ে কয় যে সকলো বিৰোধী দলে বিচৰাৰ দৰে তেওঁৰ দলেও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা বিচাৰে যদিও এই ক্ষতিৰ বাবে জগৰীয়া কোন সেয়াও চিনাক্ত হোৱাটো বিচাৰে। এনে ঘটনা ঘটিব পাৰে বুলি চৰকাৰৰ ওচৰত চোৰাংচোৱাৰ তথ্য থকাৰ পাছতো কিয় ২০০৫ জন জোৱানক ৭৮খন গাড়ীৰ একেটা কনভয়ত কিয় যাবলৈ দিয়া হৈছিল?

'এতিয়া আমি দেখিছোঁ যে আমি এতিয়া মনে মনে আছোঁ আৰু (প্ৰধানমন্ত্ৰী) মোডী আৰু অমিত শ্বাহে প্ৰতিদিনে কথা কৈ আছে, আৰু এই ভাষণসমূহৰপৰা এনে লাগিছে যেন অকল তেওঁলোকহে দেশপ্ৰেমিক আৰু আমি সকলো বিদেশী।’ এনেদৰে কয় তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে।