newsnextone.com | নগাঁওঃ মোৰ স্বামীক মই ভালদৰেই জানো আৰু বুজি পাওঁ ৷ তেওঁ কেতিয়াও ধৰ্ষণৰ দৰে ঘৃণনীয় কাম কৰিব নোৱাৰে ৷ তেওঁৰ বিৰুদ্ধে এয়া এক গভীৰ ষড়যন্ত্ৰ ৷ তেওঁক বলিৰ পঠা সজোৱা হৈছে ৷ মোৰ সৰু ভনীক ঢাল হিচাপে লৈ এই গভীৰ ষড়যন্ত্ৰ ৰছনা কৰিয়ে স্বয়ং মোৰ পিতৃ-মাতৃয়ে ৷ সেয়ে মই পাৰ্যমানে মোৰ স্বামীৰ ন্যায়ৰ বাবে যুঁজি যাম ৷ এই মন্তব্য নিজৰ স্বামীৰ ন্যায় বিচাৰি হাবাথুৰি খোৱা এগৰাকী দুৰ্ভগীয়া মহিলাৰ ৷
যিগৰাকী মহিলাৰ স্বামী মাত্ৰ তিনি দিনৰ আগতে নিজৰ খুলশালীক বলাৎকাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ কিন্তু এই ঘটনাই সৰ্বত্ৰে ব্যাপক আলোড়নৰ সৃষ্টি কৰিলেও এতিয়া স্বামীৰ পক্ষত থিয় দি পত্নীয়ে স্বয়ং তেঁওৰ জন্মদাত্ৰী পিতৃ-মাতৃক এই ঘটনাৰ ষড়যন্ত্ৰকাৰী বুলি অভিযোগ উত্থাপন কৰাত বিষয়টোয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ৷