newsnextone.com | ডিজিটেল ডেস্কঃ আপুনিও কোনো বিশেষ ব্যক্তিৰ ফটো ফটোশ্বপত এডিত কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰে নেকি? নাইবা আপোনাৰ বন্ধু মহলে কৰা বিকৃত পোষ্ট আপুনি শ্বেয়াৰ কৰে নেকি? যদি কৰে, তেন্তে এতিয়াৰ পৰা সাবধান হওক৷ বিকৃত ছবি পোষ্ট কৰাৰ অপৰাধত আপুনি কাৰাৱাসৰ জীৱন কটাবলগীয়া হ’ব পাৰে৷ 

আন্তৰ্জাতিক যোগ দিৱসৰ সময়ত যোগগুৰু ৰামদেৱৰ বিকৃত ছবি হোৱাটছআপ গ্ৰুপত পোষ্ট কৰাৰ অভিযোগত আৰক্ষীয়ে দিল্লীৰ এগৰাকী ব্যক্তিক আটক কৰিছে৷

শনিবাৰে দিল্লীৰ দাদৰি গাঁওৰ পৰা এগৰাকী ৪০ বৰ্ষীয় ব্যক্তিক আটক কৰে নয়ডা আৰক্ষীয়ে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ব্যক্তিজনক নিজ বাসগৃহৰ পৰাই আটক কৰা হয়৷ আটকাধীন ব্যক্তি জনৰ বিৰুদ্ধে তথ্য প্ৰযুক্তি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷ আৰক্ষীৰ জেৰাত ৰাহিছউদ্দিন নামৰ ধৃত ব্যক্তিজনে স্বীকাৰ কৰে যে বন্ধুৱে তেওঁলৈ পঠিওৱা যোগুৰু ৰামদেৱৰ এখন বিকৃত ছবি তেওঁ হোৱাটছআপত শ্বেয়াৰ কৰিছিল৷ 

ব্যক্তিজনৰ আটকৰ পিছত নয়ডা আৰক্ষীক ধন্যবাদ জনাইছে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ মেনেজিং ডিৰেক্টৰ আচাৰ্য বালাকৃষ্ণনে।