newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমণিত মাৰাণাস্ত্ৰসহ এজন যুৱক আটক হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত খবৰ মতে, বুধবাৰে পুৱা প্ৰায় ১০ বজাত নগাঁও জিলাৰ উপ আৰক্ষীৰ অধীক্ষকৰ নেতৃত্বত অহা আৰক্ষীৰ দলে বটদ্ৰৱা আৰক্ষীৰ সহযোগত গোপন সূত্ৰৰ পম খেদি নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ কদমণিত মৈৰাবাৰীলৈ বাইকেৰে গৈ থকা অৱস্থাত এজন যুৱকক আটক কৰে। 

ধৃত কচুৱা থানাৰ এলেকাধীন লুতুমাৰীৰ ছফিকুল ইছলাম নামৰ যুৱকজনৰ পৰা আৰক্ষীয়ে দুজাই সক্ৰিয় গুলিসহ এটা হস্তনিৰ্মিত পিষ্টলৰ লগতে এখন চুৰি, এটা ম’বাইল ফোন আৰু এখন বাইক জব্দ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে একেলগে অহা আনজন যুৱক পলাই সাৰিবলৈ সক্ষম হয়৷ ধৃত যুৱকজন পূৰ্বে বহুকেইটা ডকাইতি কাৰ্যত জড়িত হৈ কেইবাবাৰো কাৰাবাস খাতিবলগীয়া হৈছিল বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। 

বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য, বিগত দুই-তিনি বছৰৰ ভিতৰত পশ্চিম নগাঁৱৰ কদমণি, টুকটুকী, ডুমডুমীয়া, বলিকটিয়া আদি অঞ্চলত ধাৰাবাহিকভাবে ইটোৰ পিছত সিটো মাৰানাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলাখনতেই তীব্ৰ জোকাৰণি তুলিছে। আনকি, কিছুদিন পূৰ্বে বলিকটিয়াত এজন জুৱাৰীৰ বন্দুকৰ গুলীত এজন আৰক্ষী কনিষ্টবল নিহত হ’বলগীয়া হৈছিল।