74
মুছলপুৰঃ বিটিএডিত দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ দিলে এগৰাকীয়ে সাহসী সমাজকৰ্মীয়ে। ইন্দিৰা আৱাস, এমজিএনৰেগা, পথ নিৰ্মাণ আদিত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি মাত মাতি আহিছিল লোকজনে।
দুৰ্নীতিৰ বিৰোধিতা জনাই ঘাতকৰ নিষ্ঠুৰতাৰ বলি হোৱা এই লোকজন হৈছে বাগছাৰ হাহকাটা বালাবাৰীৰ শ্ৰীমন্ত তালুকদাৰ। বিগত কেবাবছৰ ধৰি কৃষক মুক্তিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল সমাজকৰ্মীজন।