ডিজিটেল ডেস্কঃ যি সময়ত আমাৰ মুলুকত এগৰাকীৰ পিছত আনগৰাকী মহিলাই ধৰ্ষণৰ বলি হৈ আহিছে সেই সময়তে দক্ষিণ আফ্ৰিকাত দেখা গৈছে এখন বিপৰীত ছবি। দেশখনত যোৱা ২৮ মে’ত পুনৰ দলৱদ্ধ ধৰ্ষণৰ সন্মুখীন হৈছে পুৰুষ৷ এইবাৰ এই ঘটনা সংঘটিত হৈছে দেশখনৰ পূব প্ৰিট’ৰিয়াত৷ ৩ যুৱতীয়ে অপহৰণ কৰি নি তিনিদিন ধৰি ধৰ্ষণ কৰে ২৩ বৰ্ষীয় এজন যুৱকক৷

আৰক্ষীয়ে জনোৱা মতে, বলপূৰ্বকভাৱে এনাৰ্জি ড্ৰিংক খুৱাই দি প্ৰতিদিনে উপৰ্যুপৰি যুৱকজনক যৌন নিৰ্যাতন চলোৱা হৈছিল৷ পিছত এখন পথাৰৰ কাষৰ খাৱৈ এটাত প্ৰায় নগ্ন অৱস্থাত উদ্ধাৰ কৰা হয় যুৱকজনক৷ তিনিদিন ধৰি উপৰ্যুপৰি যুৱতীৰ লালসাৰ চিকাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত উদ্ধাৰৰ সময়ত মানসিকভাৱে বিধ্বস্ত হৈ পৰাৰ লগতে যথেষ্ট আতংকিত হৈ পৰা দেখা গৈছিল যুৱকজনক৷

এখন ১৫ জন যাত্ৰী বহিব পৰা টেক্সিত উঠিছিল যুৱকজন। তাতেই ৩ সুন্দৰী যুৱতীৰ সৈতে প্ৰথমে তেওঁৰ সাক্ষাৎ হয়। টেক্সিখন অচিনাকি পথেৰে লৈ যায় যুৱতীকেইগৰাকীয়ে। তাৰ পিছত যুৱকজনক সমুখৰ আসনলৈ যাবলৈ কোৱা হয়।

সমুখৰ আসনলৈ যোৱাৰ লগে লগে এগৰাকী যুৱতীয়ে পিছফালৰ পৰা বলপূৰ্বকভাৱে যুৱকজনৰ বাহুত এটি ইনজেকশ্যন পুশ্ব কৰে। ফলত গাড়ীতে অচেতন হৈ পৰে যুৱকজন। চেতনা ঘূৰাই পোৱাৰ পিছত যুৱকজনে নিজকে এটা অপৰিচিত ঘৰত এখন এজনীয়া বিছনাত প্ৰত্যক্ষ কৰে। তাতেই তেওঁক জোৰকৈ এনাৰ্জি ড্ৰিংক আৰু উত্তেজক কেপচুল খাবলৈ বাধ্য কৰা হয়।

যুৱকজনে আৰক্ষীক জনাইছে যে সেই দুৰ্বিসহ তিনিদিনত তেওঁক এবাৰো শুবলৈ দিয়া হোৱা নাছিল। ভাগৰি পৰিলেই পুনৰ খুৱাই দিছিল এনাৰ্জী ড্ৰিংক। উক্ত দিনকেইটাত তেওঁক কিমানবাৰ ধৰ্ষণ কৰা হৈছে তাৰ কোনো হিচাপ নাই বুলিও আৰক্ষীৰ আগত সদৰী কৰে বিধ্বস্ত যুৱকজনে। 

ঘটনা সন্দৰ্ভত এটি গোচৰ ৰুজু কৰি ধৰ্ষিত যুৱকজনে দিয়া বিৱৰণৰ ভিত্তিত বলাৎকাৰী সুন্দৰী যুৱতী কেইগৰাকীৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে দক্ষিণ আফ্ৰিকা আৰক্ষীয়ে।