ডিজিটেল ডেস্কঃ চুবুৰীয়াৰ হাতত ধৰ্ষিতা হ’ল স্ত্ৰী। এই কথা সহ্য কৰিব নোৱাৰি আপোনঘাতী হয় এজন ব্যক্তি। মৰ্মান্তিক এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ ৰামনগৰ জিলাৰ চান্নাপাটনাত। অঞ্চলটোৰ ছিদ্দেশ নামৰ এজনক কৃষকক তেওঁৰ নিজৰ খেতিৰ মাটিত থকা এজোপা গছৰ ডালত চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।
প্ৰাপ্ত বাতৰি মতে, ধৰ্ষণৰ এই ঘটনা সংঘটিত হৈছিল যোৱা দেওবাৰে। সেইদিনা নিশা ঘৰত অকলে আছিল ছিদ্দেশৰ পত্নী। অকলে থকাৰ সুযোগ গ্ৰহণ কৰি গিৰিশা নামৰ তেওঁলোকৰ এজন প্ৰতিবেশীয়ে বলপূৰ্বক ঘৰত প্ৰৱেশ কৰি ছিদ্দেশৰ পত্নীক ধৰ্ষণ কৰে।