58
বঢ়মপুৰঃ হাতী মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে বঢ়মপুৰত৷ শনিবাৰে সন্ধিয়া বঢ়মপুৰৰ বালিজুৰিত বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হয়। নিহত লোকজন শুকানজুৰি চাহ বাগিছাৰ আশীৰ্বাদ নায়ক বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে।
জীৰ ঘৰলৈ আহি থকা সময়ত বনৰীয়া হাতীৰ জাক এটাই লোকজনক আক্ৰমন কৰে৷ ফলত লোকজনৰ থিতাতে মৃত্যু ঘটে৷ এফালে আশীৰ্বাদ নায়ক নামৰ ব্যক্তিজনৰ মৃত্যুত অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷