newsnextone.com | আমগুৰিঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ জনহিতকৰ আঁচনিয়ে ঢুকি নাপায় গ্ৰাম্যাঞ্চলৰ বাসিন্দাক। বিভিন্ন মাৰাত্মক ৰোগৰ প্ৰতিষেধক প্ৰদানৰ নামত ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰাৰ পাছতো কিন্তু ৰোগাক্ৰান্ত হৈ দৈনিক ৰাজ্যত মানুহ মৰিয়েই আছে।
মঙলবাৰৰ পুৱা অসম চিকিৎসা মহাবিদ্যালয়ত এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় আমগুৰিৰ এজন যুৱকৰ। দোপদৰ কুকুৰাছোৱা গাঁৱৰ যুৱকজন কিছুদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে পৰিয়ালৰ লোকে সোমবাৰৰ দিনা স্থানীয় চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ডিব্ৰুগড়স্থিত অসম চিকিৎসালয়ত ভৰ্তি কৰিছিল।