দেউপানীঃ কাৰ্বি আংলং জিলাৰ দেউপানী সমষ্টিৰ অন্তৰ্গত পুৰণা বৰপথাৰৰ নগাখূলিত বৰনেউৰীয়া নদীত শাৰদীয় দূৰ্গোৎসৱৰ বিজয়া দশমীৰ হৰ্ষোল্লাসৰ মাজতেই স্থানীয় নগাখূলিৰ পূজা মণ্ডপৰ প্ৰতিমা বিসৰ্জনৰ ঠিক পাছতেই বৰ নেউৰীয়া নদীৰ পাৰত উপস্থিত থকা অগণন ভক্তৰ মাজৰ পৰা স্থানীয় বিছৰাম নাগবংশী নামৰ প্ৰায় ৩৫ বছৰ বয়সীয়া এজন আদিবাসী সম্প্ৰদায়ৰ লোক আনন্দতে নদীৰ পানীত জপিয়াই দিয়াৰ পাছৰে পৰাই সন্ধানহীন হৈ পৰে।
প্ৰত্যক্ষদৰ্শী লোকৰ মতে লোকজন সুৰামত্ত অৱস্থাত আছিল। সেই মূহুৰ্তত নদীৰ পানীত নামি কেইবাজনো লোক আছিল যদিও ঘটনাৰ আকস্মিকতাত একো উৱাদিহ নাপাওঁতেই লোকজন পানীত ডুবি যায়। স্থানীয় ৰাইজে বহু বিচাৰ-খোচাৰ কৰিও লোক জনৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়। দেওবাৰে আৰক্ষীৰ সহযোগত SDRF বাহিনীয়ে দিন যোৰা অভিযান চলাইও লোক জনৰ শুংসূত্ৰ উলিয়াব নোৱাৰিলে।