65
কোকৰাঝাৰঃ সাৱধান হওঁক, আপোনাৰ পিছ ল’ব পাৰে চাহাজউদ্দিনে। আপুনি য’লৈকে নাযাওক কিয়, তালৈকে পিছ ল’ব আপোনাক। আপুনি দৌৰিলে সিও দৌৰিব, আপুনি গাড়ীত উঠিলে সিও উঠিব, আনকি আপুনি গছত উঠিলে সিও গছত উঠিব। মুঠতে নিস্তাৰ পোৱাৰ কোনো উপায় নাই।
আজি প্ৰথমে চাহাজউদ্দিনে কোকৰাঝাৰৰ বালাজান তিনালীত এগৰাকী অটোচালকৰ পিছ লয়। চাহাজউদ্দিনে কোকৰাঝাৰ বালাজান তিনালী পথত স্বাভাৱিকভাৱে পথৰ কাষত থিয় হৈ থকাত অটোচালকজনে যাত্ৰী বুলি অটোখন ৰখায়।