ডিজিটেল ডেস্কঃ পত্নীক ধৰ্ষণ কৰিবলৈ বন্ধুক নিমন্ত্ৰণ জনাই পাৰ্টীৰ আয়োজন কৰিছিল বিহাৰৰ এটা পাষণ্ডই। নাম ভৰত সিং।

বিহাৰৰ এই মানসিক বিকাৰগ্ৰস্ত অপৰাধীটোৰ অত্যাচাৰত অতিষ্ঠ হৈ দীৰ্ঘদিনৰ পিছতহে আৰক্ষীৰ কাষ চাপিল পত্নী। বন্ধুৰ হতুৱাই ভাৰ্যাৰ নিৰ্যাতন প্ৰত্যক্ষ কৰি বন্য আনন্দ লাভ কৰা ভৰত এতিয়া বন্দী।

ঘটনাৰ বিৱৰণী অনুসৰি পূৰ্বে এটা ব্যক্তিগত প্ৰতিষ্ঠানত ভৰতে চাকৰি কৰিছিল। বিগত সময়ত পাষণ্ড লোকজন এগৰাকী মহিলা সহকৰ্মীৰে বিবাহপাশত আবদ্ধ হয়।

কিছুদিনলৈ ঠিকেই চলিছিল দুয়োৰে সংসাৰ। মৰম-চেনেহৰ মাজেৰে কিছুদিন কটোৱাৰ পিছত পশুৰ দৰে আচৰণ আৰম্ভ কৰিলে ভৰতে।

পত্নীৰ অভিযোগ মতে ভৰতে প্ৰায়ে ঘৰত আয়োজন কৰে পাৰ্টী। অনুষ্ঠানত সকলোৰে আগতে পাষণ্ডই মহিলাগৰাকীৰ দেহত স্পৰ্শ কৰি সকলোকে প্ৰৰোচিত কৰে। 

ক্ৰমে উন্মাদ হৈ পৰা ভৰতে পত্নীক বন্ধুৰ ওচৰত উলংগ হবলৈ বাধ্য কৰায়। আনকি তেওঁক ধৰ্যণ কৰিবলৈকো বন্ধুক উচটনি দিছিল পাষণ্ডই। ভৰতৰ প্ৰৰোচনাত দুই-এজন বন্ধুৱে নিৰ্যাতন চলাইছিল হতভগীয়া মহিলাগৰাকীক।