প্ৰতিকী ফটো (সংগৃহীত)
প্ৰতিকী ফটো (সংগৃহীত)

ডিজিটেল ডেস্কঃ আকাশমাৰ্গতে ইণ্ডিগো ফ্লাইটত অঘটন। অঘটনৰ কাৰণ কোনো যান্ত্ৰিক বিজুতি অথবা বিস্ফোৰক নহয়। এজন কামুক ব্যক্তিৰ বাবে সংঘটিত হয় এই অঘটন।  

ইণ্ডিয়া টুডেত প্ৰকাশিত বাতৰি মতে, অইন যাত্ৰীৰ উপস্থিতিতে উৰণৰ সময়ত বিমানখনত কামুক যাত্ৰীজনে নিৰ্লজ্জভাৱে হস্তমৈথুন কৰে। সুন্দৰী সহযাত্ৰী দেখি থিৰেৰে থাকিব নোৱৰা এই কামুক লোকজনৰ বয়স প্ৰায় ৫৫ বছৰ বুলি বাতৰিটোত কোৱা হৈছে।

ৰাজহুৱা স্থানত এনেদৰে হস্তমৈথুন কৰাৰ অপৰাধত দিল্লী আৰক্ষীয়ে আজি কামুক ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে। দিল্লীৰ ৰোহিনী এলেকাৰ বাসিন্দাজনে হায়দৰাবাদৰ পৰা ৰাজধানী চহৰ দিল্লীলৈ যাত্ৰা কৰাৰ সময়তে এনেদৰে অশোভনীয় কুকৰ্ম সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি আৰক্ষীৰ কাষ চাপিছিল লোকজনৰ কাষতে বহা মহিলা যাত্ৰী এগৰাকীয়ে। 

মহিলা যাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিতে লোকজনক আটক কৰি সোধ-পোচ চলোৱা হয়। এজাহাৰত উল্লেখ কৰা মতে লোকজনৰ কু-কৰ্ম স্বচক্ষে দেখাৰ পিছতে এয়াৰ হোষ্টেচক বিষয়টো অৱগত কৰিছিল মহিলাগৰাকীয়ে। লগে লগে মহিলাগৰাকীৰ আসনখন সলনি কৰি দিয়ে বিমানৰ কৰ্মচাৰীয়ে।

বিমানখন নতুন দিল্লীত অৱতৰণ কৰাৰ পিছতেই ইণ্ডিগ’ৰ সুৰক্ষাকৰ্মীয়ে লোকজনক ততালিকে আটক কৰি দিল্লী আৰক্ষীৰ হাতত গতাই দিয়ে। লগে লগে মহিলাগৰাকীৰ তৎপৰতাত ভাৰতীয় দণ্ডিবিধি আইনৰ ৫০৯ আৰু ৩৪৫ এ-ৰ অধীনত কামুক লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।