29
Jun
2017

ডিজিটেল ডেস্কঃ কোটিটকীয়া গাড়ী চলালে মনত ৰাখিবৰ দৰকাৰ নাই দেশৰ নিয়ম-নীতি। হাতত যদি কেনেবাকৈ বি এম ডব্লিউৰ দৰে বাহনৰ ষ্টিয়েৰিং থাকে তেন্তে নিয়ম খায়নে-পিন্ধে সেয়া পাহৰি যায় এচাম উৰ্ধ্বত লোকে।
গাড়ীৰ দৰে দেশখনকে নিজৰ সম্পত্তি বুলি ভাবি লৈ তেওঁলোকে আৰম্ভ কৰে তাণ্ডৱ। এনে দৃশ্যই দেখিবলৈ পোৱা গ'ল পাতিয়ালাত।
পঞ্জাবৰ চহৰখনত হিমাংশু মিট্টাল নামৰ ব্যৱসায়ীজনে নীতি উলংঘা কৰি চলাইছিল বি এম ডব্লিউ। তদুপৰি তেওঁৰ নাছিল গাড়ীৰ নথি। যাৰ বাবে আৰক্ষীয়ে তেওঁৰ গাড়ী ৰখাই সোধাপোছা কৰে।
কিন্তু বি এম ডব্লিউ চলোৱাৰ অহংকাৰত মত্ত হিমাংশুৱে গাড়ীৰ পৰা নামিয়েই ওম প্ৰকাশ নামৰ আৰক্ষীজনক চৰ শোধায়। তাৰ পিছতে ওলোটাই ব্যৱসায়ীজনক এচৰ মাৰি প্ৰহাৰ কৰে আৰক্ষীয়ে। এই ঘটনা বন্দী হৈছে কেমেৰাত।