newsnextone.com | তামুলপুৰঃ তামুলপুৰৰ ডিমিলাপাৰত বিনয় চন্দ (৩৭) নামৰ ব্যক্তি এজনৰ আত্মহত্যাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ বিদেশী ন্যায়াধিকৰণ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে হতাশাগ্ৰস্ত হৈ যুৱকজনে আত্মহত্যাৰ পথ বাচি লোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।
উল্লেখ্য যে, বিনয় চন্দৰ মাতৃ শান্তি চন্দৰ নামত বিদেশী ন্যায়াধিকৰণত এক বছৰ পূৰ্বৰে পৰা এটি গোচৰ ৰুজু হৈছিল। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা বিনয় চন্দে তামুলপুৰস্থিত বিদেশী ন্যায়াধীশকৰণ আদালতলৈ গৈ গৈ জুৰুলা হৈ পৰিছিল।