ডিজিটেল ডেস্কঃ কোন মহিলাইনো ভাল নাপায় প্ৰিয়জনৰ ছাৰপ্ৰাইজ। কিন্তু প্ৰিয়জনৰ ছাৰপ্ৰাইজ যদি শীতল মৃত্যু হয়, তেন্তে গাৰ নোম শিঁয়ৰি উঠাটোৱেই স্বাভাৱিক। তেনেই ঘটনা ঘটিল এগৰাকী মহিলাৰ ক্ষেত্ৰত। 

সন্দেহৰ বশৱৰ্তী হৈয়ে হিতাহিত জ্ঞান হেৰুৱাই স্বামীয়ে বাইকৰ ক্লাটচৰ কেবলেৰে ডিঙি চেপি হত্যা কৰিলে নিজ পত্নীক। দিল্লীৰ এহাল দম্পত্তিৰ বিবাদৰ পিছতে এনেদৰে প্ৰাণ হেৰুৱাবলগা হয় মহিলাগৰাকীয়ে।

দৰাচলতে স্বামী মনোজ কুমাৰে পূৰ্বৰে পৰা পত্নী ৰম্যাক আন কাৰোবাৰ সৈতে সন্দেহ কৰি আছিল। সেইসূত্ৰে দুয়োজনৰ মাজত প্ৰায়ে বাক-বিতণ্ডা হৈ আহিছিল। কাজিয়া লাগি থকাৰ বাবেই ৰম্যা মনোজৰ লগত থকা নাছিল। 

কিন্তু সকলো মান-অভিমান ভাঙি একলগ হোৱাৰ প্ৰতিশ্ৰুতিৰে মনোজে ৰম্যাক পাৰ্কখনলৈ মাতি আনিছিল। তাতেই পূৰ্বপৰিকল্পনা অনুসৰি তাৰ এডাল লৈ ৰৈ আছিল মনোজ। দুআষাৰমান কথা পতাৰ পিছতে মনোজে ৰম্যাক পিছমুখ দি চকু মুদিবলৈ কয়। 

ৰম্যাই ভাবিছিল যে মনোজে কিবা আ-অলংকাৰ পিন্ধাই তাইক ছাৰপ্ৰাইজ দিব। কিবা এডাল পিন্ধালে থিকেই, কিন্তু সেই ডালেৰেই চেপি ধৰি থাকিল উশাহ বন্ধ নোহোৱা পৰ্যন্ত। এনেদৰেই পাৰ্কতে মাৰি পেলাই থৈ গ’ল নিজ পত্নীক। 

পিছত বন্ধুৰ লগত মদৰ আড্ডাত কথা-বতৰাত মনোজৰ মুখৰ পৰা ওলাল পত্নীক এসেকা দিয়াৰ বৰ্ণনা। কাষতে থকা আৰক্ষীয়ে অপৰাধৰ অনুমান পাই ততালিকে মনোজক থানালৈ লৈ আহে। 

তাতেই মনোজে সমস্ত ঘটনা বৰ্ণনা কৰে যদিও কোনখন পাৰ্কত পত্নীক নিছিল, সেয়া কোনোপধ্যেই মনত পেলাব নোৱাৰিলে। অৱশেষত ৮ ঘণ্টাৰ অনুসন্ধানৰ অন্তত উদ্ধাৰ হয় ৰম্যাৰ মৃতদেহ।