আমগুৰিঃ ৰাজ্যত আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে আজিও তাণ্ডৱ অব্যাহত ৰাজ্যৰ ৰাখিছে কাইবাখনো জিলাত। তাৰ মাজতে অসম-নগালেণ্ড সীমান্তৰ আমগুৰিৰ হালোৱাটিঙৰ কপাহতলি মিচিং গাঁৱত শনিবাৰে নাশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই।
পাহাৰৰ পৰা নামি অহা এঠি হাতীৰ জাকে নিশাৰ এন্ধাৰত কেইবাটাও পৰিয়ালৰ ধান-চাউল খাই তহিলং কৰাৰ লগতে ভাঙি থৈ যায় কেইবাটাও বাসগৃহ। বনৰীয়া হাতীৰ জাকটোৱে জয়ন্ত নাথ, তনুশ্যাম মেছ আৰু দুতিৰাম পায়েং নামৰ তিনিজনকৈ লোকৰ ভড়ালৰ ধান-চাউল খাই তহিলং কৰি তেওঁলোকৰ ঘৰবোৰো ভাঙি থৈ যায়।