newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত শ-শ লোকৰ নিদ্ৰা হৰণ হৈছে। বনৰীয়া হাতীয়ে নিদ্ৰাহৰণ কৰিছে ৰাইজক। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰিজুলিত অব্যাহত ৰাখিছে সন্ত্ৰাস। উক্ত এলেকাত বছৰ বছৰ ধৰি বন্য জীৱ-জন্তুৰ সন্ত্ৰাস অব্যাহত আছে যদিও স্থানীয় প্ৰশাসন, বিধায়ক তথা চৰকাৰে সাধাৰণ লোকৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়।
কিছুদিনৰ ভিতৰত অক্ৰমণত এলেকাটোত এগৰাকী কৃষক সহ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰায় ৭গৰাকী লোকৰ মৃত্যু হৈছে। বনৰীয়া হাতীয়ে নিতৌ সন্ত্ৰাস চলাই মানুহৰ ঘৰ-বৰ, খেতি পথাৰ নষ্টি কৰিছে। তাৰ পিছতোঁ বন বিভাগে সমষ্টিটোৰ লোকৰ জীৱন-সম্পত্তি সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।