কোকৰাঝাৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত। হাতী-মানুহৰ সংঘাতক কেন্দ্ৰ কৰি ৰাজ্যত কেবাগৰাকী ব্যাক্তিয়ে প্ৰাণ হেৰুওৱাৰ পিছত কালি নিশা পুণৰাই হাতীৰ আক্ৰমনত এগৰাকী ব্যাক্তি নিহত হোৱা ঘটনাই হাতী মানুহৰ সংঘাতে যে ৰাজ্যত ভয়াৱহ ৰূপ লৈছে সেয়াই প্ৰমানিত হৈছে।
হাতীৰ আক্ৰমনত কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা ব্যাক্তিগৰাকীক ভাৰত ভূটান সীমান্তৰ দাদগিৰি, ৪ নং বনগাঁও, হাতিচাৰৰ চিৰাং জিলাৰ লংকেশ্বৰ বসুমতাৰী (৪৩) বুলি জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি অনুসৰি কালি নিশা ৮:৩০ মান বজাত ভাৰত ভূটান সীমান্তৰ চিৰাং জিলাৰ হাতিচাৰৰ ৪ নং বনগাঁওত ভূটানৰ পৰা চাৰি -পাঁচটা হাতীয়ে প্ৰৱেশ কৰে।