55
নাওকাটাঃ ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতৰ জাকৰ পৰা কেতিয়া পৰিত্ৰাণ পাব ভাৰত-ভূটান সীমান্তৱৰ্ত্তী হাজাৰ হাজাৰ লোকে৷ বছৰ বছৰ ধৰি হাতী-মানুহৰ সংঘাতৰ ফলত ধন জনৰ বিস্তৰ ক্ষতি সাধন হৈ আহিছে সীমান্তৱৰ্ত্তী অঞ্চলটোত৷
কেইবা শ লোক হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হোৱাৰ লগতে ঘৰ-দুৱাৰ ভাঙি খেতি পথাৰ তহিলং কৰি বিস্তৰ ক্ষতি সাধন কৰি আহিছে বনৰীয়া হাতীয়ে৷